Health

ডায়েবিটিছ আৰু ব্যায়াম

আমাৰ শৰীৰৰ কোষবোৰে যেতিয়া তেজত থকা চেনি ব্যৱহাৰ কৰিব নোৱাৰা পৰিস্থিতি হয় তেতিয়া ডায়েবেটিছ ৰোগ হয়। এনে হোৱাৰ মূলতে দুটা কাৰণ— শৰীৰত ইনছুলিন হৰম’নৰ অভাৱ আৰু ইনছুলিনে সঠিকভাৱে কাম কৰিব নোৱাৰা হোৱা (ইনছুলিন প্ৰতিৰোধ্যতা)। ইয়াৰ ফলত তেজত অধিক চেনি জমা হয় আৰু ভালেমান জটিলতাৰ সৃষ্টি হয়। ব্যায়ামে শৰীৰৰ কোষবোৰক ইনছুলিনৰ প্ৰতি সংবেদনশীল কৰি তোলে। তদুপৰি মাংসপেশীৰ আকাৰ বৃদ্ধিতো সহায় কৰে। মাংসপেশীয়ে তেজত থকা চেনিৰ এক বৃহৎ অংশ ব্যৱহাৰ কৰে। নিয়মিত ব্যায়ামে শৰীৰৰ ওজন কমাই ৰখাতো সহায় কৰে। ওজন হ্ৰাসেও ইনছুলিন সংবেদনশীলতা বৃদ্ধি কৰে। তদুপৰি ব্যায়ামে তেজৰ চৰ্বিসমূহৰ (কলেষ্টেৰল নিম্ন ঘনত্বৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, উচ্চ ঘনত্বৰ কলেষ্টেৰল মাত্ৰা সঠিক ৰখাত ৰক্তচাপ হ্ৰাস কৰা, মানসিক চাপ হ্ৰাস কৰা আদিতো সহায় কৰে।)
কেনে ধৰণৰ ব্যায়াম কৰিব ?— প্ৰকৃততে যিকোনো ধৰণৰ ব্যায়ামেই কৰিব পাৰে। অৱশ্যে কিছুক্ষেত্ৰত কোনো কোনো ব্যায়াম কৰাত অসুবিধা আছে। পিছত এই বিষয়ে আলোচনা কৰা হ’ব। উপভোগ্য তথা নিয়মিতভাৱে কৰিবলৈ ব্যায়াম বাচি ল’ব পাৰে। উদাহৰণস্বৰূপে খৰকৈ খোজ কঢ়া, জগিং, চাইকেল চলোৱা, সাঁতোৰা, টেনিছ, স্কোৱাছ, বেডমিণ্টন আদি খেল ইত্যাদি উপভোগ্য ভাল ব্যায়াম। এইবোৰ ব্যায়াম কৰোতে ভৰিত সঠিক জোখৰ জোতা আৰু কোমল পেডিং কৰা মোজা পিন্ধি ল’ব লাগে। অৱশ্যে যিকোনো ব্যায়াম কৰিবলৈ দৃঢ় মনোবলৰ প্ৰয়োজন। ডায়েবেটিছ ৰোগীক সপ্তাহত অন্ততঃ ১৫০ মিনিট মজলীয়া ধৰণৰ ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়া হয়। অৰ্থাৎ সপ্তাহত ৫ দিন ৩০ মিনিটকৈ ব্যায়াম কৰিলে সুফল পাব। যদি ওজনো কমাব খোজে তেনেহ’লে সপ্তাহত অন্ততঃ ৩০০ মিনিট ব্যায়াম কৰিব লাগিব পাৰে।
ডায়েবেটিছ দুই ধৰণৰ আছে— টাইপ-ৱান আৰু টাইপ-টু। অৱশ্যে টাইপ-২ ডায়েবেটিছেই সচৰাচৰ হোৱা দেখা যায়। টাইপ-১ ডায়েবেটিছৰ প্ৰাবল্য কম। টাইপ-২ ডায়েবেটিছত ইনছুলিনে সঠিকভাৱে ক্ৰিয়া কৰিব নোৱাৰাৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি হয়। অৱশ্যে ইনছুলিনৰ পৰিমাণো কিছু হ্ৰাস পায়। ব্যায়ামে ইনছুলিনৰ পৰিমাণ বিশেষ বৃদ্ধি কৰিব নোৱাৰে; কিন্তু উপলব্ধ ইনছুলিনৰ কাৰ্যকাৰিতা বদ্ধি কৰিব পাৰে। টাইপ-১ ডায়েবেটিছৰ কাৰণ হ’ল ইনছুলিনৰ অভাৱ। এইবিধ ডায়েবেটিছত ব্যায়ামে তেজত চেনিৰ মাত্ৰা কমাব নোৱাৰিলেও ব্যায়ামৰ অন্যান্য সুফলবোৰ লাভ কৰিব পাৰি।
ডায়েবেটিছ ৰোগীয়ে ব্যায়াম কৰাত বিশেষ বাধা-নিষেধ নাই— অন্ততঃ যদি জটিলতাৰ সৃষ্টি হোৱা নাই আৰু ডায়েবেটিছ বেছি পুৰণি নহয়। তথাপি কিছু সাৱধানতা অৱলম্বন কৰা উচিত। ব্যায়াম পোনতে কম সময়ৰ বাবে কৰিব। লাহে লাহে মাত্ৰা বৃদ্ধি কৰিব। এই কথাও মনত ৰাখিব— ব্যায়াম নিয়মিতভাৱে কৰিব লাগিব। নিয়মিত ব্যায়াম নকৰি এদিন মাৰাথান দৌৰৰ নিচিনা ব্যায়াম কৰি একো লাভ নাই। তেনে কৰিলে বৰং কিছুদিনলৈ শয্যাশায়ী হোৱাৰহে সম্ভাৱনা থাকে। তেজত চেনিৰ মাত্ৰা যদি অধিক হয় (> ২৫০ মিলিগ্ৰাম প্ৰতি ডেচিলিটাৰত), তেনেহ’লে ব্যায়াম নকৰিব। কাৰণ এনে ক্ষেত্ৰত তেজত চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ হ্ৰাস পোৱা বা অন্যান্য জটিলতা হ’লেও ব্যায়াম কৰিব নালাগে। যিসকল ৰোগীৰ চকুত জটিলতা সৃষ্টি হৈছে, তেওঁলোকে ভাৰোত্তলনৰ লেখিয়া ব্যায়াম কৰিব নালাগে। এনে ব্যায়াম কৰিলে চকুৰ ভিতৰত ৰক্তক্ষৰণ হ’ব পাৰে। স্নায়ুৰ বিকলতাত ভোগা ৰোগীয়ে ভৰিত আঘাত পাব পৰা ব্যায়াম কৰিব নালাগে।
যিসকলে প্ৰথমবাৰৰ বাবে ব্যায়াম আৰম্ভ কৰে, তেওঁলোকৰ শৰীৰত বিষ-বেদনা অনুভূত হ’ব পাৰে। নিয়মিতভাৱে কিছুদিন ব্যায়াম কৰিলে তেনে অৱস্থাৰ চিকিৎসা নকৰাকৈয়ে নিৰাময় হ’ব। ব্যায়াম কৰি থাকোতে যদি উশাহ লোৱাত কষ্ট হয়, তেনেহ’লে ব্যায়ামৰ মাত্ৰা হ্ৰাস কৰিব।
ব্যায়াম কৰিলেই শৰীৰৰ ওজন হ্ৰাস নহ’বও পাৰে; কিয়নো ওজন হ্ৰাস নিৰ্ভৰ কৰে আপুনি কিমান পৰিমাণৰ কেলৰিযুক্ত আহাৰ খাইছে আৰু কিমান পৰিমাণৰ কেলৰি খৰচ কৰিব পাৰিছে— সেই কথাৰ ওপৰত। উচ্চ কেলৰিযুক্ত আহাৰ কম পৰিমাণে খাব লাগিব বা পৰিহাৰ কৰিব লাগিব। মনত ৰাখিব এক মাথোন ওজন হ্ৰাসেই ব্যায়ামৰ উদ্দেশ্য হোৱা উচিত নহয়। নিয়মিত ব্যায়ামে শৰীৰৰ চৰ্বিৰ মাত্ৰা হ্ৰাস কৰে আৰু মাংসপেশী দৃঢ় কৰে।
বহুতেই আপত্তি কৰে— তেওঁলোক অতি ব্যস্ত, ব্যায়াম কৰিবলৈ সময়ৰ নাটনি। সুযোগো নাই। কিন্তু যিকোনো উপায়ে নিয়মিত ব্যায়ামৰ বাবে সময় আৰু সুবিধা উলিয়াই ল’ব লাগিব। ইচ্ছা থাকিলে, মনত জোৰ থাকিলে, তেনে কৰিব পাৰি। এই কথাও মনত ৰাখিব— মাথোঁ দৰব আৰু খাদ্য নিয়ন্ত্ৰণে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা সহজসাধ্য নহয়। নিয়মিত ব্যায়াম কৰাটোও প্ৰয়োজনীয়। চিকিৎসাৰ নিদানপত্ৰৰ দৰেই ব্যায়ামো ডায়েবেটিছৰ ক্ষেত্ৰত অত্যাৱশ্যকীয়। যথাযথভাৱে খাদ্য নিয়ন্ত্ৰণ আৰু নিয়মিত ব্যায়াম কৰিলে দৰবৰ প্ৰয়োজনীয় পৰিমাণো হ্ৰাস পায়।

উৎস : মেডিছিটি, গুৱাহাটী

(স্বাস্থ্য সম্পৰ্কীয় লেখাসমূহ আমি ৰাইজৰ মংগলৰ বাবেহে আগবঢ়াইছো। এইবিলাক প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত চিকিৎসকৰ মতামত অৱশ্যেই গ্ৰহণীয় আৰু গ্ৰাউণ্ডনিউজ কৰ্তৃপক্ষ কোনোপধ্যে ব্যৱস্থাৱলীৰ প্ৰয়োগ বা অপপ্ৰয়োগৰ ক্ষেত্ৰত জগৰীয়া নহ’ব। )

Related posts

কভিড ১৯ আছিল হৃৎপিণ্ডৰ বাবেও ক্ষতিকাৰক

groundnews

গ্ৰাউণ্ড নিউজত আজি আলচ কৰিব চিকিৎসক জয়ন্ত কুমাৰ গোস্বামীয়ে ৷

groundnews

গ্ৰাউণ্ড নিউজৰ স্বাস্থ্য চ’ৰা “নিদান”ত থায়ৰইডৰ বিষয়ে কৈছে ডা° জয়ন্ত গোস্বামীয়ে ৷

groundnews

Leave a Comment