যি দেখা গৈছে দেশৰ ৰাজনীতিত কংগ্ৰেছে ভয়ংকৰৰ পৰা ভয়ংকৰ দিনলৈ গমণ কৰিছে ৷ কংগ্ৰেছৰ দখলত থকা পাঞ্জাৱ আম আদমি দলে দখল কৰাৰ পিচত নিৰ্বাচনত পৰাস্ত কংগ্ৰেছ নেতা তথা মুখ্যমন্ত্ৰী চৰণজিৎ এছ ছানিয়ে বিধিগতভাৱে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ সাজু হৈছে ৷ কংগ্ৰেছ দলে এইবাৰৰ নিৰ্বাচনত ১৩ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ৷ অৱশ্যে কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপিয়ে কংগ্ৰেছতকৈ কম সংখ্যক আসন লাভ কৰে ৷ আপুনি এই সংবাদ পঢ়ি আছে www.groundnews.in ত। আকালী দলে ১০ খন আৰু বিজেপিয়ে হস্তগত কৰে ৫ খন আসন ৷ আনহাতে দিল্লীৰ পৰা শাসন এইবাৰ সম্প্ৰসাৰিত কৰিছে আম আদমি দলে ৷ অৰবিন্দ কেজৰিৱালৰ দলটোৱে লাভ কৰিছে মুঠ ৮৮ খন আসন ৷
previous post
next post