OTHER

বিশাখাপট্টনমৰ বস্ত্ৰ ফেক্টৰীত অঘটন

বিশাখাপট্টনমত গেছ নিগৰ্মণ : পুনৰ ৫০ মহিলা কৰ্মচাৰী আক্ৰান্ত
গ্ৰাউণ্ড নিউজৰ সংবাদ : বিগত ৩ জুনত বিশাখাপট্টনমত সংঘটিত হৈছিল গেছ নিগৰ্মণৰ এক ঘটনা য’ত আক্ৰান্ত হৈছিত দুশৰো অধিক মহিলা ৷ একে ঘটনাৰ পুনৰাবৃত্তি হয় ২আগষ্টতো ৷ এইবাৰ গেছ নিগৰ্মণৰ এই ঘটনা হয় বিশাখাপট্টনমৰ অৎচুতাপুৰমত অৱস্থিত ব্ৰেণ্ডিক্স স্পেছিয়েল ইকনমিক জ’নত ( Brandix SEZ). মংগলবাৰে সংঘটিত এই ঘটনাত আক্ৰান্ত হয় এটা বস্ত্ৰ উদ্যোগৰ ৫০ গৰাকীতকৈ অধিক মহিলা কৰ্মচাৰী ৷ আক্ৰান্তসকলক ইকনমিক জ’নত অৱস্থিত চিকিৎসালয়ত তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হয় ৷ ইয়াৰ ভিতৰত গৰ্ভৱতী মহিলাসকলৰ শাৰিৰীক অৱস্থা দ্ৰুত গতিত বেয়ালৈ ঢাল খায় ৷ অৱশ্যে কিছুসংখ্যকে প্ৰাথমিক চিকিৎসাৰ অন্তত নিৰাপদ স্থানলৈ স্থানান্তৰ হয়। ঘটনাস্থলীৰ কাষৰীয়া প’ৰাছ লেবেৰ’টৰী নামৰ প্ৰতিষ্ঠানটোৰ পৰা এমনিয়া নিৰ্গত হোৱাৰ বাবেই এনে অথন্তৰৰ সৃষ্টি হয়।

Related posts

ছোনিয়াই কংগ্ৰেছৰ সভানেত্ৰী : ৱৰ্কিং কমিটিৰ সিদ্ধান্ত

groundnews

Karabi Sonowal performs assamese songs specially for Ground News Dot In

groundnews

ভিন্নসুৰীয়া গীত আৰু কথাৰে অলকানন্দা

groundnews

Leave a Comment