OTHER

বিতৰ্কই লগ নেৰা হৈছে ৰাজ্যৰ বৌদ্ধিক সমাজক

X

#সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ আহ্বায়ক ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ কাণ্ড

এই বাতৰি ৰাজ্যৰ বৌদ্ধিক জগতৰ ৷ নিজৰ সৃষ্টিক মান্যতা দিবলৈ গৈ এইবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ভাৰত চৰকাৰৰ মান্যতাপ্রাপ্ত অনুষ্ঠান সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক তথা অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা। বিতৰ্কৰ বিষয়বস্তু হৈছে ডাঃ বৰাই মডার্ন ইণ্ডিয়ান ক্লাছিকছ্‌ শিতানত অসমীয়া ভাষাৰ গ্ৰন্থ নির্বাচন কৰিবলৈ গৈ নিজৰ এখনি গ্ৰন্থ অন্তৰ্ভুক্তি কৰা পৰ্যায়ত ৰৈ যোৱা চৰম অস্বচ্ছতা। উল্লেখ্য যে সাহিত্য অকাডেমিয়ে ২০২০ বৰ্ষত বিভিন্ন ভাৰতীয় ভাষাৰ ইণ্ডিয়ান ক্লাছিকছ্‌ (১৯০০ চনলৈকে) আৰু ‘মডার্ন ইণ্ডিয়ান ক্লাচিকচ'(১৯০০-২০০০ চনলৈকে) দুটা শাখাত কিতাপৰ নাম প্ৰেৰণ কৰিবলৈ সংশ্লিষ্ট ভাষাৰ আহ্বায়কক অনুৰোধ জনাইছিল। সেই অনুসৰি অসমীয়া ভাষাৰ সাহিত্য অকাডেমিৰ আহ্বায়ক ডাঃ বৰাই অসমীয়া পুৰণি সাহিত্য (১৯০০ চনলৈকে) আৰু আধুনিক ভাৰতীয় ক্লাছিকছ্‌ (মাষ্টাৰপিছ-১৯০০-২০০০, বিনেইমড এজ মডার্ন ইণ্ডিয়ান ক্লাচিকচ) শিতানত গ্ৰন্থৰ তালিকা প্ৰেৰণ কৰে। ২০২১ চনৰ ১৮ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা সাহিত্য অকাডেমিৰ কার্যকৰী সভাত অসমীয়া ভাষাৰ গ্ৰন্থৰ তালিকাখনি গৃহীত হয়। সেই সভাখনৰ কাৰ্যবিৱৰণীত আন আন ভাষাৰ লগতে অসমীয়া ভাষাৰ আহ্বায়ক ডাঃ বৰাই দাখিল কৰা অসমীয়া ভাষাৰ মুঠ ১৮ খন গ্ৰন্থৰ তালিকাও আছে। অৱশ্যে ১৯০০ চনপর্যন্ত ইণ্ডিয়ান ক্লাচিক্‌চ’ শিতানত সহিত্য অকাডেমিয়ে ৮ খন অসমীয়া গ্ৰন্থকহে সূচীভূক্ত কৰিছে। এই গ্ৰন্থকেইখন হৈছে- সপ্তকাণ্ড ৰামায়ন: কবিবৰ মাধৱ কন্দলি, কীর্তন ঘোষা : শ্ৰীমন্ত শংকৰদেৱ, কথা ভাগবত : বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য (ভট্টদের), তুংখুঙীয়া বুৰঞ্জী : শ্রীনাথ দুৱৰা বৰবৰুৱা, পুৰণি অসমীয়া সাহিত্য : বাণীকান্ত কাকতি, নামঘোষা : শ্রীশ্রী মাধৱদেৱ, গুৰুচৰিত কথা, অজ্ঞাত বৈষ্ণৱ লেখক: সম্পাদনা অধ্যাপক মহেশ্বৰ নেওগ, হস্তীবিদ্যাৰ্ণৱ : সুকুমাৰ কাঠ। আনহাতে ‘মডার্ন ইণ্ডিয়ান ক্লাচিকচ’ শিতানত সূচীভূক্ত গ্রন্থৰ তালিকাত আছে ঈয়াৰুইঙ্গম : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মোৰ আৰু পৃথিৱী ৪ নৱকান্ত বৰুৱা, দঁতাল হাতীৰ উইয়ে খোৱা হাওদাঃ মামনি ৰয়ছম গোস্বামী, , অশান্ত ইলেকট্রন : সৌৰভ কুমাৰ চলিহা, জীৱনৰ বাটত : বিৰিঞ্চি কুমাৰ বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদের : লক্ষ্মীনাথ বেজবৰুৱা, সাগৰ তলিৰ শংখ ঃ নীলমণি ফুকন, গহ্বৰ : ড° ভবেন্দ্র নাথ শইকীয়া , জংগম: দেবেন্দ্র নাথ আচার্যৰ লগতে ডা° ধ্ৰুবজ্যোতি বৰাৰ কালান্তৰৰ ত্ৰিলজী। নিঃসন্দেহে এই গ্রন্থসমূহ অসমীয়া সাহিত্যৰ উত্তম আৰু মানবিশিষ্ট গ্রন্থ। কিন্তু বিদ্বত সমাজক আশ্চর্যান্বিত কৰি তোলাৰ বিষয়টো হৈছে আহ্বায়ক ডাঃ বৰাই এই তালিকাখনত তেওঁৰ নিজৰ কালান্তৰ ত্ৰিলজীৰ কিতাপকেইখন অন্তর্ভুক্ত কৰাটো। ত্ৰিলজীৰ কেৱল নহয় প্ৰথম খণ্ড ‘কালান্তৰৰ গদ্য’ খনৰ ১৯৯৭ চনত প্ৰথম প্ৰকাশ হৈছিল আৰু ত্ৰিলজীৰ শেহৰ গ্ৰন্থ ‘অর্থ’ ২০০৩ চনত প্ৰকাশ হৈছিল ৷ ডাঃ বৰাৰ নিজৰ ৱেবছাইট https://dhrubajyotiborah.com / অনুসৰি এই তথ্য সন্নিৱিষ্ট আছিল যদিও সম্প্ৰতি ৱেবছাইটটো বন্ধ কৰি থোৱা হৈছে । কালান্তৰৰ ত্ৰিলজীখন একত্রে ২০০০ চনতহে প্ৰকাশ হৈছে। আনহাতে সাহিত্য অকাডেমিত প্রকাশিত তালিকাখনৰ তথ্যমতে ‘কালান্তৰ ত্ৰিলজী’ ১৯৯০ চনতহে প্ৰকাশ পোৱা বুলি দেখুওৱা হৈছে। স্বাভাৱিকতেই চৰ্চিত হৈছে তথ্যৰ বিসংগতিৰে নিজৰ সৃষ্টিক মান্যতা দিয়াৰ বাবে আহ্বায়কৰ গুৰু দায়িত্বত থাকি ডা° ধ্ৰুৱজ্যোতি বৰাই এনে কাণ্ড সংঘটিত কৰিছে। অৱশ্যে এই কথাত দ্বিমত নাই যে ‘কালান্তৰৰ গদ্য’ গ্ৰন্থখন তেওঁৰ এখন অন্যতম শ্রেষ্ঠ গ্রন্থ। কিন্তু এই ত্ৰিলজীৰ আন দুখন গ্ৰন্থই প্ৰথমখনৰ দৰে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। ১৯০০ চনৰ পৰা ২০০০ বৰ্ষৰ ভিতৰত প্ৰকাশ পোৱা গ্ৰন্থৰ ‘ক্লাছিক কিতাপ’ৰ তালিকাত আহ্বায়ক ডাঃ বৰাৰ ২০০৩ বৰ্ষত প্রকাশ শেষ হোৱা ত্রিলজী গ্ৰন্থই কেনেকৈ স্থান পালে সেই প্ৰশ্নৰ উত্তৰ এতিয়া লক্ষ্যণীয় হৈ পৰিছে। ইফালে কালান্তৰ ত্ৰিলজীক এশ বছৰৰ দহখন অসমীয়া ক্লাছিকচৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিবলৈ গৈ তেওঁ ক্ষমতা আৰু সুবিধাৰ অসৎ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই শাৰীত আন অসমীয়া গ্রন্থ নাছিল নেকি বুলিও প্রশ্ন উত্থাপিত হৈছে। পৰিতাপৰ কথা হৈছে সাহিত্য অকাডেমিৰ কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে যে ২০২১ চনৰ জুন মাহত আহ্বায়ক সকলক এই তালিকা প্রস্তুত কৰাৰ সময়ত সংশ্লিষ্ট ভাষাৰ উপদেষ্টা পৰিষদৰ সদস্য সকলৰ লগত আলোচনা কৰিহে চূড়ান্ত তালিকা সাহিত্য অকাডেমিলৈ প্ৰেৰণ কৰাৰ বাবে পত্র দিছিল। যদি সেই অনুসৰি আহ্বায়ক ডাঃ বৰাই উপদেষ্টা পৰিষদৰ সদস্য সকলৰ লগত আলোচনা কৰিহে এই তালিকাত অনুমোদন কৰিছিল তেন্তে কেনেকৈ ভুল তথ্যৰে স্বয়ং আহ্বায়ক গৰাকীৰ গ্ৰন্থই তাত স্থান লাভ কৰিলে বা উপদেষ্টা সকলে জানি-বুজিয়েই এই কামটো কৰিলে নে উপদেষ্টা সকলক এই বিষয়ে জনোৱা নহ’ল বুলিও প্ৰশ্ন উত্থাপিত হৈছে। আপুনি পঢ়ি আছিল গ্ৰাউণ্ডনিউজ ডট ইনৰ বিশেষ প্ৰতিবেদন ৷

Related posts

আজি বিশ্ব ঘৰচিৰিকা দিৱস

groundnews

কিয় লাগে নিয়মিত যোগাসনৰ অভ্যাস ?

groundnews

কংগ্ৰেছত বিদ্ৰোহ : সংকট মোচনৰ উপায় অন্বেষণ

groundnews

Leave a Comment