BREAKING NEWS

দিল্লীৰ অনুমোদন নাই : ৯জুনৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ বাতিল হ’ব

#দিল্লীৰ অনুমতি নাই : বাতিল হ’ব ৯জুনৰ ড° শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ!
ক্ষমতাৰ কৰিডৰত যেন এটা বছৰতে পৰুৱাই পালে ড°হিমন্ত বিশ্ব শৰ্মাক ৷ এফালে স্বজনতোষণৰ গুৰুতৰ অভিযোগ আৰু গৃহবিভাগৰ উপৰ্যপুৰি ব্যৰ্থতাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে হঠাতে ঘোষণা কৰিছিল ৯ জুনত হ’ব তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ কিন্তু দিল্লী-দিছপুৰৰ পৰা অহা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা অহা খবৰনুসৰি ৯জুনত কোনোপধ্যেই ড°হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সম্প্ৰসাৰণ নহয় ৷ মূলতঃ দিল্লীত ক্ৰমশঃ শক্তিশালী হৈ উঠা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিপক্ষ, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰৱ দেশ সমূহৰ হেঁচাত বিজেপিয়ে হঠাতে ল’বলগীয়া হোৱা নমনীয় স্থিতি, কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীসমূহে অসম সম্পৰ্কে লাভ কৰা ভিতৰুৱা খবৰ, বিশেষকৈ একেসময়তে আলফা(স্বা)ৰো শক্তিবৃদ্ধি আৰু আপৰো উত্থান এই সকলো বিষয়ে একে সময়তে দিল্লীত এনেকৈ ভিৰ কৰিছে যে এতিয়া আৰু হিমন্তৰ মন্ত্ৰীসভাৰ বিষয়টো দিল্লীৰ বাবে তেনেই গৌণ ৷ ইফালে কংগ্ৰেছৰ পৰা আহি বিজেপিক যোগদান কৰা ড°হিমন্ত বিশ্ব শৰ্মাই সংখ্যাগৰিষ্ঠৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গৈ যি সংখ্যালঘু বিদ্বেষৰ ৰাজনীতি আৰম্ভ কৰিছে সেই সম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধৰ্মীয় স্বাধীনতা বিষয়ক প্ৰতিবেদনতো সন্নিৱিষ্ট হৈছে ৷ সম্প্ৰতি আৰৱ বিশ্বৰ তুষ্টিকৰণত নামি পৰা মোডী চৰকাৰে কাইলৈ আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ হেঁচা আহিলে স্বাভাৱিকতে কেতবোৰ নীতি নিৰ্ধাৰণ কৰিব লাগিব আৰু সেয়া বাস্তৱায়িত হ’লে ড° হিমন্ত বিশ্ব শৰ্মাৰে পাখি কটা যোৱাৰো সম্ভাৱনা প্ৰবল ৷ এনে অৱস্থাত স্বজনতোষণৰ অভিযোগৰ বোকাত বেয়াকৈ লুতুৰি পুতুৰি হৈ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিকাত বিজেপিৰ একাংশ শীৰ্ষ নেতা অসন্তুষ্ট। শেহতীয়াকৈ পি.পি.ই কেলেংকাৰীক আপৰ শীৰ্ষ নেতাই ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিলে যদিও বিজেপিৰ কোনো এগৰাকী পৰিচিত মুখপাত্ৰই দিল্লীত তাৰ প্ৰতিক্ৰিয়া নজনালে ৷ এনে ঘটনাক্ৰমতে স্পষ্ট হৈ পৰিছে ড°হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষা দিবলৈ দিল্লীত তেওঁৰ মানুহ নোহোৱা হৈছে ৷ ইফালে ৯ জুনত মন্ত্ৰীসভা গঠন কৰিম বুলি ঘোষণা কৰাটোৱো আছিল এক প্ৰকাৰ চমক সৃষ্টি। স্বজনতোষণৰ অভিযোগকলৈ ৰাজ্য উত্তাল হৈ থকাৱস্থাতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ ঘোষণা বেছ মনকৰিবলগীয়া ৷ দিছপুৰৰ এটা সূত্ৰই জানিবলৈ দিয়ানুসৰি ড° শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যকৰী কৰিব নোৱাৰে বুলি জানিয়েই শেহতীয়াকৈ পূৰ্বপৰিকল্পিতনুসৰি পানী ঘোলা কৰিবলৈ নমাই দিয়া হৈছে প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক ৷ পুৰণিক অৱদমিত কৰা হৈছে বুলি ৰাজেন গোহাঁইএ ড°হিমন্ত বিশ্ব শৰ্মাকে লক্ষ্য কৰি লোৱা যেন আপাতদৃষ্টিত লাগিলেও প্ৰকৃততে সেয়া নহয় ৷ সূত্ৰটোৰ মতে, ৰাজেন গোহাঁইৰ জৰিয়তে মাত্ৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে যাতে ন-পুৰণিৰ প্ৰসংগটোৰ সমাধানসূত্ৰ নোলোৱাৰ বাবে মন্ত্ৰীসভাৰো যে সম্প্ৰসাৰণ কৰিব পৰা নাই তাৰ এটা অচিলা ড° হিমন্ত বিশ্ব শৰ্মাই লাভ কৰে ৷ উল্লেখ্য যে এই সময়চোৱাত আটাইতকৈ চৰ্চা লাভ কৰিছে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ ৰাজনীতিলৈ ওভতি অহাৰ সম্ভাৱনীয়তাকলৈ। লক্ষ্যণীয় যে সোনোৱালৰ ঘনিষ্ঠ লোকসকলে জানিবলৈ দিয়ামতে সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক যথেষ্ট আনন্দবৎসল ৰূপত প্ৰত্যক্ষ কৰিছে আৰু সমগ্ৰ বিষয়টোত তেওঁৰ অস্বাভাৱিক মৌনতাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে ৷ সোনোৱালৰ প্ৰত্যাবৰ্তন এক কথাত কষ্টসাধ্য নহ’ব বুলিও দিল্লীৰ খবৰ ৰখা সূত্ৰসমূহে জানিবলৈ দিছে ৷ উল্লেখ্য যে সৰ্বানন্দ সোনোৱালৰ প্ৰক্ষেপিত লোকৰ মন্ত্ৰীসভাত সম্প্ৰসাৰণ হ’লেহে দিল্লীয়ে অনুমোদন জনাব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ এই পৰিস্থিতিকলৈ এতিয়া বেছিকৈ দুশ্চিন্তাত ভুগিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আপুনি এই প্ৰতিবেদন পঢ়ি আছে গ্ৰাউণ্ড নিউজ ডট ইনৰ পৰা ৷

 

Leave a Comment