Desh Bidesh

ভাৰতেই হ’ব পাৰে ইউক্ৰেইন-ৰাছিয়াৰ মাজত মধ্যস্থতাকাৰী

১ এপ্ৰিল : দুদিনীয়া কাৰ্যসূচীৰে কালি আহি দিল্লীত উপস্থিত হোৱা ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লেভৰৱে কয় যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ভাৰতেই হ’ব পাৰে অৰ্থৱহ মধ্যস্থতাকাৰী ৷ ৰাছিয়াৰ ওপৰত আমেৰিকাৰ ক্ৰমৱদ্ধমান হেঁচা , ভাৰতৰ পৰা সাহায্য , ভাৰতলৈ ইন্ধনজাত সামগ্ৰীৰ যোগান আদি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিবলৈ অহা ৰাছিয়ান মন্ত্ৰীগৰাকীৰ এনে মন্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ উল্লেখ্য যে সংবাদ সংস্থা এ.এন.আইৰ এক প্ৰশ্নৰ উত্তৰত লেভৰৱে ভূয়সী প্ৰশংসা কৰে ভাৰতৰ স্বতন্ত্ৰ বৈদেশিক নীতিকো ৷ আপুনি এই বাৰ্তা পঢ়ি আছে www.groundnews.in ৰ পৰা ৷

Related posts

ছ’লাৰ নিয়ন্ত্ৰিত পৃথিৱীৰ প্ৰথমটো বিমান বন্দৰ হল ভাৰতৰ

groundnews

ইউক্ৰেইনৰ ৰাজধানীৰ সমীপত বৃহৎ ৰাছিয়ান কনভয়

groundnews

গুৰুগ্ৰামত তছনচ মছজিদ

groundnews

Leave a Comment