Assam

বাংলাদেশৰ জেহাদী সংগঠনৰ সম্পৰ্ক অসমৰ ধৃত ব্যক্তিৰ

ধৃত ব্যক্তিৰে জেহাদীৰ লিংক উদ্ধাৰ অসম আৰক্ষীৰ
গ্ৰাউণ্ড নিউজৰ সংবাদ : বিগত সপ্তাহত অসমৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হোৱা ১১ গৰাকীকৈ সন্দেহযুক্ত ব্যক্তিৰ সৈতে জেহাদীৰ লিংক থকা বুলি স্পষ্ট কৰি দিছে অসম আৰক্ষীয়ে ৷ আইন শৃঙ্খলাৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক জি.পি সিঙে সদৰী কৰে যে ধৃত লোকসকলৰ বাংলাদেশৰ জেহাদী সংগঠন আনছাৰুল গোটৰ সৈতে যোগাযোগ থকাটো প্ৰমাণিত হৈছে। বৰপেটা, গোৱালাপাৰা , মৰিগাঁৱ আৰু গুৱাহাটীৰ পৰা আটক কৰা এইসকল জেহাদীয়ে ভূপাল আৰু ত্ৰিপুৰাৰ সৈতে সঘন যোগাযোগ বৰ্তাই ৰখা বুলিও আৰক্ষীয়ে প্ৰমাণ লাভ কৰিছে। মাদ্ৰাছা শিক্ষা দিয়াৰ নামত অসমত থিতাপি লোৱা এই চক্ৰটোৰ পৰা উদ্ধাৰ কৰা হৈছে জিহাদী সম্পৰ্কিত ভিডিঅ’ আৰু পুস্তিকা ৷

Related posts

কাকতীবাৰীতে ঢোলৰ মাত শুনিলোঁ

groundnews

#বিপ্লৱী শিল্পী বিষ্ণু ৰাভা দিৱস উপলক্ষে গ্ৰাউণ্ড নিউজৰ আয়োজন

groundnews

গ্ৰাউণ্ড নিউজলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষৰ ফোন

groundnews

Leave a Comment