Assam

ড° ৰঞ্জিত ৰঠ হ’ব অইলৰ নতুন চি.এম.ডি

অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদৰ বাবে নিৰ্বাচিত হৈছে মিনাৰেল এক্সপ্লৰেচন ক’ৰপৰেশ্যন লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ ৰঞ্জিত ৰঠ । আৰু এই বাৰ্তা আপোনাক আমি জনাইছো www.groundnews.in ৰ জৰিয়তে ৷ ভাৰত চৰকাৰৰ পাব্লিক এন্টাৰপ্ৰাইজ চিলেকচন ব’ৰ্ডে ৯ মাৰ্চত অনুষ্ঠিত কৰা অইল চি এম ডি সাক্ষাৎকাৰৰ যোগেদি বাছনি কৰিছে ডঃ ৰঠক । উল্লেখ্য যে এই পদৰ বাবে অইল ইণ্ডিয়াকে ধৰি অন্যান্য ৰাজহুৱা খণ্ডৰ মুঠ ৫ গৰাকী শীৰ্ষ বিষয়াই আবেদন কৰিছিল।  মিনাৰেল এক্সপ্লৰেচন ক’ৰপৰেশ্যন লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা ডঃ ৰঞ্জিত ৰঠে জুনত অৱসৰ গ্ৰহণ কৰিবলগীয়া অইলৰ চিএমডি সুৰেশ মিশ্ৰৰ স্থলাভিষিক্ত হ’ব ৷

Related posts

গ্ৰাউণ্ড নিউজৰ মজিয়াত সুদক্ষ অভিনেতা-নাট পৰিচালক ঋতুপৰ্ণ ফুকন

groundnews

কিয় নিষিদ্ধ ঘোষিত আলফালৈ ধাৱমান হৈছে ৰাজ্যৰ একাংশ যুৱক যুৱতী ?

groundnews

অসমৰ দৌৰবিদ অম্লান অপ্ৰতিৰোধ্য, পুনৰ স্বৰ্ণ পদক লাভ

groundnews

Leave a Comment