কাৰ্বন নিগৰ্মন হ্ৰাসৰ বাবে সমগ্ৰ বিশ্বই যি সময়ত বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে সেই সময়তে ভাৰতে বিশ্বক দিছে এটা ইতিবাচক খবৰ। বিশ্বৰ ভিতৰতে সম্পূৰ্ণৰূপে ছ’লাৰ অৰ্থাৎ সৌৰশক্তি নিয়ন্ত্ৰিত প্ৰথমটো বিমান বন্দৰ হিচাপে স্বীকৃতি পাইছে কোচিত অৱস্থিত বিমান বন্দৰটোৱে ৷ আপুনি এই বাতৰি পঢ়িছে www.groundnews.in ৰ জৰিয়তে ৷ উল্লেখ্য যে প্ৰায় ২৫ বছৰৰ ভিতৰত বিমান বন্দৰটোৱে ৩ লাখ টন কাৰ্বন শোষণ কৰিব আৰু এয়া প্ৰায় ৩০ লাখ বৃক্ষই গ্ৰহণ কৰা পৰিমাণৰ সমান ৷ পৰিৱেশ সংৰক্ষণৰ দিশত কোচি বিমান বন্দৰ এতিয়াৰে পৰা সমগ্ৰ বিশ্বৰ ভিতৰতে দৃষ্টান্তমূলক হৈ পৰিব ৷
previous post
next post