Desh Bidesh

উচ্চতম ন্যায়ালয়ত খাৰিজ মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদন

১ এপ্ৰিল : মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে স্পেছিয়েল ইনভেষ্টিগেছন টীম গঠন কৰিবলৈ গৈ বাৰে বাৰে মুখ থেকেচা খাইছে মহাৰাষ্ট্ৰৰ চৰকাৰে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ ১৫ ডিচেম্বৰত মহাৰাষ্ট্ৰ চৰকাৰৰ উক্ত আবেদন খাৰিজ কৰিছিল বোম্বে হাই কৰ্টে ৷ কিন্তু বম্বে হাই কৰ্টৰ সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ পুনৰ দ্বাৰস্থ হয় মহাৰাষ্ট্ৰৰ চৰকাৰ ৷ কিন্তু আজি ৰাজ্য চৰকাৰখনৰ উক্ত আবেদনো নাকচ কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৷ বিচাৰকদ্বয় এছ কে কৌল আৰু এম এম সুন্দ্ৰেছে মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদন নাকচ কৰি চৰকাৰখনে ভৱিষ্যতে “জ্ঞান“ দেখুৱাবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে ৷ লক্ষ্যণীয় যে আৰক্ষী প্ৰশাসনৰ ৰদ-বদলৰ এক অভিযোগত অনিল দেশমুখৰ নাম সাঙোৰ খাই পৰিছে ৷ ইফালে ৰাজ্যচৰকাৰখনৰ মহাধিবক্তাগৰাকীয়ে অনিল দেশমুখৰ সময়ৰ মুম্বাইৰ আৰক্ষী আয়ুক্ত এতিয়া চিবিআইৰ সঞ্চালক বুলিও আঙুলিয়াই দি আত্মপক্ষ সমৰ্থন কৰে এছ আই টি গঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত ৷ আপুনি এই বাতৰি পঢ়িছে www.groundnews.in ৰ পৰা ৷

Related posts

ইউক্ৰেইন : ৰাছিয়াই নিক্ষেপ কৰা বোমাত মৃত্যু কেংগাৰুৰ

groundnews

নিৰ্বাচন : পাঞ্জাৱ আম আদমিৰ দখলত

groundnews

ছ’লাৰ নিয়ন্ত্ৰিত পৃথিৱীৰ প্ৰথমটো বিমান বন্দৰ হল ভাৰতৰ

groundnews

Leave a Comment