Desh Bidesh

ইউক্ৰেইনৰ ৰাজধানীৰ সমীপত বৃহৎ ৰাছিয়ান কনভয়

ৰাছিয়াৰ শেহতীয়া আগ্ৰাসনমূলক নীতি অনুসৰি ইউক্ৰেইনৰ ভলনোভাকা চহৰখন ইতিমধ্যে ৰাছিয়ান সমৰ্থিত বিচ্ছিন্নতাবাদী শক্তিয়ে দখল কৰিছে। আনহাতে বি.বি.চিয়ে পৰিৱেশন কৰা বাতৰিত প্ৰকাশ যে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ সমীপলৈ ধাৱমান হৈছে ৰাছিয়াৰ বৃহৎ সামৰিক কনভয়। আমেৰিকান প্ৰতিষ্ঠানৰ দ্বাৰা লোৱা উপগ্ৰহ ছবিত স্পষ্ট হৈছে ৰাছিয়াৰ এনে ধৰণৰ আগ্ৰাসী চৰিত্ৰ। কনভয়টো শেষবাৰৰ বাবে কিয়েভৰ উত্তৰ-পশ্চিমৰ এণ্টনভ বিমানবন্দৰৰ ওচৰত দেখা গৈছিল, আৰু ইয়াৰ গতিবিধিয়ে চহৰখনৰ ফালে গতি কৰিছে।
বিবিচিয়ে লগতে উল্লেখ কৰে ইউক্ৰেইনত ৰাছিয়াৰ বাহিনীয়ে দেশৰ বিভিন্ন প্ৰান্তত নতুন লক্ষ্যত আক্ৰমণৰ বাবে বাছি লৈছে আৰু ইয়াৰ মাজত আছে উত্তৰ-পশ্চিমৰ লুটস্কত এটা বিমানক্ষেত্ৰ আৰু জেট ইঞ্জিন কাৰখানাও ৷ ৰাছিয়াৰ প্ৰতিৰক্ষা সূত্ৰই বি.বিচিক জনাইছে যে দক্ষিণ-পশ্চিমৰ ইভানো-ফ্ৰেঙ্কিভস্কৰ বিমানক্ষেত্ৰতো তেওঁলোকে বিস্ফোৰণ সংঘটিত কৰিছে। উল্লেখ্য যে,মধ্য পূৱ ইউক্ৰেইনৰ এক গুৰুত্বপূৰ্ণ দুৰ্গ ডিনিপ্ৰ’ৰ পৰা বিমান আক্ৰমণত এজন লোকৰ নিহত হোৱাৰ বাতৰি আহিছে ৷ এই বাতৰি আপোনালৈ যুগুত কৰিলে www.groundnews.in এ ৷

Related posts

উচ্চতম ন্যায়ালয়ত খাৰিজ মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদন

groundnews

নেতৃত্ব সলনি হ’ব পাৰে ব্যৰ্থ কংগ্ৰেছৰ

groundnews

গ্ৰাউণ্ড নিউজত আজি অভিশপ্ত কুনান পুছপাৰাকলৈ বিশেষ প্ৰতিবেদন ৷

groundnews

Leave a Comment