২০ মাৰ্চ ৷ আজি বিশ্ব ঘৰচিৰিকা দিৱস ৷ উল্লেখ্য যে ক্ৰমান্বয়ে হ্ৰাস পাই অহা ঘৰচিৰিকা চৰাইৰ সংৰক্ষণ আৰু বৃদ্ধিৰ সম্পৰ্কে সজাগতা আনিবলৈ ২০১০ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল এই দিৱসৰ ৷ মূলতঃ ক্ৰংকিটৰ আবাস বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি, সেউজ পৰিৱেশৰ হ্ৰাস আদি কাৰণৰ বাবেই আপোনাৰ মোৰ চিনাকি চৰাইবিধ লাহে লাহে লোপ পাবলৈ ধৰিছে ৷ বিশ্ব ঘৰচিৰিকা দিৱসৰ এইবাৰৰ শ্ল’গান ‘আই লাভ স্পেৰ’ ’ ৷ আহক, নতুন প্ৰজন্মক চিনাকি কৰাই দিবলৈকে ঘৰচিৰিকা চৰাইৰ পুনঃবৃদ্ধিৰ বাবে আমি আত্মনিয়োগ কৰো ৷
previous post